মলা 1

1
1 অধ্যায়
1মলাখীৰ দ্বাৰাই ইস্ৰায়েলীয়াসকললৈ যিহোৱাৰ বাক্য।
ইস্রায়েলীয়াসকলৰ প্রতি ঈশ্বৰৰ প্রেম
2যিহোৱাই কৈছে, “মই তোমালোকক প্ৰেম কৰিলোঁ,” কিন্তু তোমালোকে কোৱা, “আপুনি আমাক কেনেকৈ প্ৰেম কৰিলে?” যিহোৱাই কৈছে, “এচৌ জানো যাকোবৰ ককায়েক নাছিল? 3তথাপিও মই যাকোবকহে প্ৰেম কৰিলোঁ; কিন্তু এচৌক অগ্রাহ্য#1:3 ঘৃণা কৰিলোঁ, ৰোমীয় 9:13 কৰিলোঁ। মই তেওঁৰ পৰ্ব্বতবোৰ এক ধ্বংসস্থান কৰিলোঁ আৰু তেওঁৰ উত্তৰাধিকাৰ মৰুভূমিৰ শিয়ালবোৰক দিলোঁ।” 4যদিও ইদোমে#1:4 ইদোমীয়াসকলে, এচৌৰ বংশধৰ কৈছে, “আমাক চূর্ণ-বিচূর্ণ কৰা হ’ল; কিন্তু আমি ধ্বংসস্থানবোৰ পুনৰায় সাজিম;” সেয়ে, বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোকে সাজিব পাৰে, কিন্তু মই ভাঙি পেলাম; লোক সকলে তেওঁলোকক ‘দুষ্টতাৰ দেশ’ আৰু ‘যিহোৱাই চিৰকাল ক্ৰোধ কৰা জাতি বুলি’ ক’ব। 5ইয়াক তোমালোকে নিজৰ চকুৰে দেখা পাবা আৰু তোমালোকে ক’বা, “ইস্ৰায়েলৰ সীমাৰ বাহিৰতো যিহোৱা মহান হওঁক!”
পুৰোহিতসকলৰ কু-আচৰণ
6বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে; মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক’ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্রতি ভয় ক’ত? হায় পুৰোহিতসকল, তোমালোকেই মোৰ নাম তুচ্ছ কৰিছা। কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?’ 7তোমালোকে মোৰ যজ্ঞ-বেদীৰ ওপৰত অশুচি খোৱা-বস্তু উৎসৰ্গ কৰিছা। তথপিও কৈছা, ‘আমি কেনেকৈ আপোনাক অশুচি কৰিলোঁ?’ এইকথা কওঁতেই যিহোৱাৰ মেজক ঘৃণিত কৰা হয়। 8তোমালোকে বলিদানৰ অৰ্থে যেতিয়া অন্ধ পশু উৎসৰ্গ কৰা, সেয়া জানো দুষ্টতা নহয়? তোমালোকে যেতিয়া খোৰা আৰু ৰোগীয়া পশু উৎসৰ্গ কৰা সেয়াও জানো দুষ্টতা নহয়? তোমালোকৰ দেশাধিপতিৰ আগত তাক উপহাৰ স্বৰূপে দি চোৱাচোন; তেওঁ গ্রাহ্য কৰিবনে বা তোমালোকৰ প্রতি প্ৰসন্ন হ’বনে? ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে। 9এতিয়া তোমালোকে ঈশ্বৰৰ ওচৰত নিবেদন কৰা যেন তেওঁ আমাৰ প্রতি সদয় হয়; তোমালোকৰ হাতেৰেই এনে উৎসর্গ কৰা হৈছে, সেয়ে তেওঁ জানো তোমালোকৰ এজনকো গ্রাহ্য কৰিব?” ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে। 10“ওহ! তোমালোকৰ মাজৰ এজনেও যদি মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰিলেহেঁতেন, তেনেহলে তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত বৃথাই জুই নজ্বলালেহেতেঁন! তোমালোকত মই অলপো সন্তুষ্ট নহয়।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকৰ হাতৰ পৰা মই কোনো উৎসৰ্গ গ্ৰহণ নকৰিম। 11কিয়নো সূৰ্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে, 12“কিন্তু, তোমালোকেই ইয়াক অপবিত্র কৰিছা; কিয়নো তোমালোকে কৈছা, যিহোৱাৰ মেজ অশুচি; সেই মেজৰ ফল আৰু তাৰ খাদ্যক ঘৃণা কৰা হ’ব। 13তোমালোকে পুনৰ কৈছা, ‘এয়া কি যে কষ্টকৰ’ আৰু তাৰ ওপৰত তোমালোকে ঘৃণাপূর্ণ হেষ্রাধ্বনি (নাকেৰে কৰা শব্দ) কৰা;” ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে। “তোমালোকেতো লুট কৰা, খোৰা আৰু ৰোগীয়া পশু আনি বলি উৎসৰ্গৰ কাৰণে দিয়া! মই জানো সেয়া তোমালোকৰ হাতৰ পৰা গ্ৰহণ কৰিম?” ইয়াক যিহোৱাই কৈছে, 14“যি ছলনাকাৰীয়ে নিজৰ মেৰ-ছাগৰ জাকৰ মাজত মতা মেৰ-ছাগ থাকিলেও প্ৰভুৰ উদ্দেশ্যে সঙ্কল্প কৰি এজনী ঘুণীয়া মাইকী পশুৰ বলি উৎসৰ্গ কৰে, তেওঁ শাপগ্ৰস্ত হওঁক; কিয়নো মই মহান ৰজা; সকলো জাতিৰ মাজত মোৰ নাম ভয়াবহ।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে।

Marker

Kopier

Sammenlign

Del

None

Vil du ha høydepunktene lagret på alle enhetene dine? Registrer deg eller logg på