1 কৰি 5

5
5 অধ্যায়
মণ্ডলীত নৈতিক সমস্যা
1আমি শুনিছোঁ যে, আপোনালোকৰ মাজত ব্যভিচাৰ আছে; যি ব্যভিচাৰী কার্য অনা-ইহুদী সকলৰ মাজতো নাই। এনে কি শুনিবলৈ পাইছোঁ আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে। 2আপোনালোকে তথাপি নিজৰ বিষয়ে অহংকাৰহে কৰি আছে! ইয়াৰ পৰিৱর্তে আপোনালোকে জানো শোক কৰা উচিত নাছিল? এনে কৰ্ম যি জন ব্যক্তিয়ে কৰিছে, তেওঁক যেন আপোনালোকৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হয়।
3শৰীৰেৰে অনুপস্থিত থাকিলেও, আত্মাত মই আপোনালোকৰ লগত আছোঁ; যি ব্যক্তিয়ে এনে প্রকাৰৰ কার্য কৰিছে, উপস্থিত থকাৰ দৰে মই তেওঁৰ বিষয়ে বিচাৰ কৰিলোঁ। 4আপোনালোকে যেতিয়া আমাৰ প্ৰভু যীচুৰ নামেৰে একত্রিত হয়, মোৰ আত্মাও আমাৰ প্রভু যীচুৰ শক্তিত সেই ঠাইত থকাত মই এই মানুহৰ বিচাৰ কৰিলোঁ। 5তেনেকুৱা মানুহক মাংসৰ বিনাশৰ অৰ্থে চয়তানৰ হাতত শোধাই দিয়া উচিত, যাতে প্ৰভু যীচুৰ দিনা তেওঁৰ আত্মাই পৰিত্ৰাণ পায়।
6আপোনালোকে অহংকাৰ কৰা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই, ইয়াক আপোনালোকে নাজানে নে? 7নিজকে শুচি কৰি পুৰণি খমিৰ দূৰ কৰি পেলোওক যাতে, আপোনালোক সনা পিঠাগুড়িৰ নতুন লদা হ’ব পাৰে; কাৰণ আপোনালোকতো এতিয়া খমিৰ নোহোৱা পিঠাৰ দৰে। পুৰণি খমিৰ দূৰ কৰক। কাৰণ আমাৰ নিস্তাৰপৰ্বৰ মেৰ পোৱালিৰূপে যি জনক বলিদান কৰা হ’ল, তেওঁ খ্রীষ্ট। 8এতেকে আহক, আমি পুৰণি খমিৰৰ পিঠাৰে অর্থাৎ পাপ স্বভাৱ আৰু দুষ্টতাৰে নহয়, কিন্তু সৰলতা আৰু সত্যতাৰ খমিৰবিহীন পিঠাৰে পৰ্ব পালন কৰোঁহক।
9মই মোৰ পত্রত লিখিছিলো যে, আপোনালোকে যেন ব্যভিচাৰী মানুহৰে#5:9 খ্ৰীষ্টত বিশ্বাসী কৰিও যি সকলে ব্যভিচাৰ কৰে সৈতে আলাপ-ব্যৱহাৰ নকৰে। 10কিন্তু সেই বুলিয়েই যে এই জগতৰ ব্যভিচাৰী, লোভী, প্রৱঞ্চক বা মূৰ্তিপূজক লোক সকলৰ সৈতে একেবাৰে আলাপ-ব্যৱহাৰ কৰিব নালাগে, এনে নহয়; কাৰণ সেয়ে হ’লে, আপোনালোক জগতৰে বাহিৰ হব লগা হব। 11মই এতিয়া আপোনালোকলৈ লিখিছোঁ যে, খ্রীষ্টত ভাই বা ভনী বুলি পৰিচিত কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, মূৰ্তিপূজক, নিন্দক, মতলীয়া, প্রৱঞ্চক হয়, তেনেহলে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিব।
12কাৰণ মণ্ডলীৰ বাহিৰৰ মানুহৰ বিচাৰ কৰিবলৈ মোৰ কি দৰকাৰ? মণ্ডলীৰ ভিতৰৰ মানুহৰ বিচাৰ জানো আপোনালোকে নকৰে? 13কিন্তু বাহিৰৰ মানুহৰ বিচাৰ ঈশ্বৰেহে কৰে।
“আপোনালোকৰ মাজৰ পৰা সেই দুষ্ট লোকক বাহিৰ কৰি দিয়ক।” #5:13 দ্বি:বি: 22:21-24

Marker

Kopier

Sammenlign

Del

None

Vil du ha høydepunktene lagret på alle enhetene dine? Registrer deg eller logg på