1 কৰি 3
3
3 অধ্যায়
প্রচাৰক সকল; ঈশ্বৰৰ পৰিচাৰক
1প্রিয় ভাই আৰু ভনী সকল, মই আত্মিক লোকক কোৱাৰ দৰে আপোনালোকক ক’ব পৰা নাই, বৰং খ্রীষ্টত আপোনালোক শিশু হোৱাত, আপোনালোকৰ ওচৰত মাংসিক লোকক কোৱাৰ দৰে ক’লো। 2মই আপোনালোকক টান আহাৰ নুখুৱাই, গাখীৰ খুৱাইছিলোঁ; কিয়নো তেতিয়া আপোনালোকে খাব নোৱাৰিছিল; এনে কি, এতিয়াও নোৱাৰে; 3কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে। কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয়? মানুহৰ দৰেই আচাৰ-ব্যৱহাৰ নকৰে নে? 4কিয়নো কোনোৱে “মই পৌলৰ লোক” আৰু আন কোনোৱে “মই আপল্লোৰ লোক” বুলি কোৱাত আপোনালোকে জানো জাগতিক মানুহৰ দৰেই ব্যৱহাৰ কৰা নাই?
5তেনেহলে আপল্লো কোন? পৌলেই বা কোন? এওঁলোক ঈশ্বৰৰ পৰিচাৰক মাথোন; এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ’ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে; 6মই ৰুলো, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে। 7এতেকে ৰোওঁতা জন একো নহয় আৰু পানী দিওঁতা জনো একো নহয়; কিন্তু ঈশ্বৰ, যি জনে বৃদ্ধি কৰে, তেৱেঁই সকলো। 8যি জনে ৰুৱে আৰু যি জনে পানী দিয়ে, দুয়ো এক। তেওঁলোক প্ৰতিজনে নিজৰ কৰ্ম অনুসাৰে নিজৰ পুৰস্কাৰ পাব। 9কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ।
10ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়। 11কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ’ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল। 12এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে যদি কোনোৱে সাজে, 13তেনেহলে তেওঁৰ কর্ম প্রকাশিত হ’ব; কিয়নো সেই দিনৰ#3:13 সেইদিন: সেইদিনা খ্রীষ্ট সকলো লোকৰ বিচাৰৰ বাবে আহিব। পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ’ব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব।
14তাৰ ওপৰত সজা কোনো জনৰ কৰ্ম যদি ৰয়, তেনেহলে তেওঁ পুৰস্কাৰ পাব। 15আৰু কোনো জনৰ সজা কৰ্ম যদি পোৰে, তেনেহলে তেওঁৰ হানি হ’ব; অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হব, যি জনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব।
16আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানে নে? 17কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেনেহলে ঈশ্বৰে তেওঁকো নষ্ট কৰিব; কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু আপোনালোকো তেনে পবিত্র।
18কোনেও নিজকে নিজে নুভুলাওক। আপোনালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে, তেনেহলে তেওঁ জ্ঞানী হ’বলৈ মূৰ্খ হওক। 19কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতাস্বৰূপ। কিয়নো লিখা আছে,
‘তেওঁ #3:19 তেওঁ ঈশ্বৰেজ্ঞানী সকলক তেওঁলোকৰ ধুৰ্ত্ততাত ধৰে’।#3:19 ইয়োব 5:13
20পুনৰায়, “জ্ঞানী সকলৰ তৰ্ক-বিতৰ্ক অসাৰ বুলি প্ৰভুৱে জানে।” #3:20 গীত 94:11
21এতেকে কোনেও যেন মানুহক লৈ গর্ব নকৰে! কিয়নো সকলো আপোনালোকৰেই; 22পৌল, আপল্লো বা কৈফাই#3:22 কৈফা - পিতৰৰ আন নাম। হওক নাইবা এই জগত, জীৱন বা মৃত্যুয়েই হওক, বৰ্তমান বা ভবিষ্যতৰ সকলো বিষয়, এই সকলো আপোনালোকৰ; 23আপোনালোক খ্ৰীষ্টৰ আৰু খ্ৰীষ্ট ঈশ্বৰৰ।
Markert nå:
1 কৰি 3: IRVAsm
Marker
Kopier
Sammenlign
Del
Vil du ha høydepunktene lagret på alle enhetene dine? Registrer deg eller logg på
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.