জখ 5
5
5 অধ্যায়
জখৰিয়াৰ ষষ্ঠ আৰু সপ্তম দৰ্শন।
1পাছত মই উভতি আহিলোঁ আৰু চকু তুলি চালোঁ, তাতে মই এখন উড়ি থকা নুৰিয়াব পৰা পুথি দেখিলোঁ। 2তেতিয়া দূতে মোক ক’লে, “তুমি কি দেখিছা?” মই উত্তৰ দি ক’লোঁ, “মই নুৰিয়াব পৰা এখন উড়ি থকা পুথি দেখিছোঁ, সেয়ে দীঘলে বিশ হাত আৰু বহলে দহ হাত।”
3তেতিয়া তেওঁ মোক ক’লে, “গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এয়ে অভিশাপ, কিয়নো যিয়ে চুৰ কৰে, সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ’ব আৰু যিয়ে মিছা শপত খায়, সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ’ব।
4বাহিনীসকলৰ যিহোৱাই কৈছে, ‘ইয়াক মই উলিয়ালোঁ,’
আৰু সেয়ে চোৰৰ ঘৰত আৰু মোৰ নামেৰে মিছা শপত খোৱাজনৰ ঘৰত সোমাব।
আৰু সেয়ে তাৰ ঘৰৰ মাজত থাকি কাঠ আৰু শিলে সৈতে তাক বিনষ্ট কৰিব।”
5তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনে ওলাই আহি মোক ক’লে, “তুমি চকু তুলি চোৱা, সৌটো কি আহিছে?” 6তেতিয়া মই সুধিলোঁ, “সেইটো কি?” তেওঁ ক’লে, “আহি থকা সেইটো এটা ঐফা-পাত্ৰ। সেইটোৱেই গোটেই দেশৰ লোকসকলৰ অতিশয় অনৈতিক#5:6 চকুৰ দৃষ্টিৰ আচৰণৰ উপমাস্বৰূপ।” 7তাৰ পাছত দূতে সেই পাত্রটোৰ পৰা ঘূৰণীয়া সীহৰ ঢাকনীখন মুকলি কৰি দিলে আৰু সেই ঐফা-পাত্ৰটোৰ তলিত এগৰাকী তিৰোতা বহি আছিল।
8দূতে মোক ক’লে, “এয়ে দুষ্টতা!” এইবুলি তেওঁ তাইক ঐফা-পাত্ৰৰ ভিতৰলৈ হেঁচা মাৰি ঠেলি দিলে আৰু মুকলি কৰা সীহৰ ঢাকনি খন পুনৰ বন্ধ কৰিলে। 9তেতিয়া মই চকু তুলি চাই দেখিলোঁ যে, দুগৰাকী মহিলা মোৰ ফালে আহি আছিল আৰু সেই দুগৰাকীৰ ডেউকাত বায়ু আছিল; সিহঁতৰ ডেউকা বৰটোকোলাৰ ডেউকাৰ নিচিনা আছিল। সেই দুগৰাকীয়ে পৃথিৱী আৰু আকাশৰ মাজেদি ঐফা-পাত্ৰটো তুলি লৈ গৈছিল।
10সেয়ে মোৰে সৈতে কথা হৈ থকা দূতজনক মই সুধিলোঁ, “সেই দুগৰাকীয়ে ঐফা-পাত্ৰটো লৈ ক’লৈ গৈছে?” 11তেওঁ মোক ক’লে, “চিনাৰ দেশত সেই পাত্রৰ বাবে এটা মন্দিৰ সাজিবলৈ গৈছে, সেইটো সজা হ’লে, তাইক তাইৰ নিজৰ ঠাইত স্থাপন কৰা হ’ব।”
دیاریکراوەکانی ئێستا:
জখ 5: IRVAsm
بەرچاوکردن
لەبەرگرتنەوە
بەراوردکردن
هاوبەشی بکە
دەتەوێت هایلایتەکانت بپارێزرێت لەناو ئامێرەکانتدا> ? داخڵ ببە
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.