জখ 1
1
1 অধ্যায়
মন পালটাবলৈ আমন্ত্ৰণ। জখৰিয়াৰ প্ৰথম আৰু দ্বিতীয় দৰ্শন।
1দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ অষ্টম মাহত, ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল:
2“যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষসকলৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল! 3সেই কাৰণে তুমি লোকসকলক কোৱা: ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে,
“তোমালোকে মোলৈ ঘূৰা!” এয়ে বাহিনীসকলৰ যিহোৱাৰ বাক্য;
“তেতিয়া মই তোমালোকলৈ ঘূৰিম!” এই কথা বাহিনীসকলৰ যিহোৱাই কৈছে।
4তোমালোকৰ পূৰ্ব-পুৰুষসকলৰ নিচিনা তোমালোক নহ’বা; যিসকলৰ আগত আগৰ কালৰ ভাববাদীসকলে কৈছিল, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ কু-পথৰ, আৰু নিজ নিজ কু-কাৰ্যৰ পৰা ঘূৰা!” কিন্তু তেওঁলোকে সেই কথা নুশুনিলে, বা মোলৈ কাণ নিদিলে।” এয়ে যিহোৱাৰ ঘোষণা।
5“তোমালোকৰ পূৰ্বপুৰুষসকল ক’ত? আৰু ভাববাদীসকল চিৰকাললৈকে জীয়াই আছে নে?
6কিন্তু মোৰ দাস ভাববাদীসকলক মই আজ্ঞা কৰা মোৰ বাক্য আৰু নিয়মবোৰ
তোমালোকৰ পূৰ্বপুৰুষসকলৰ কাণত পৰা নাছিল নে?
তেতিয়া তেওঁলোকে মন পালটন কৰি ক’লে, ‘আমাৰ আচাৰ-ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ কাৰণে বাহিনীসকলৰ যিহোৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে’।”
7দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ একাদশ, অৰ্থাৎ চবাট মাহৰ চৌবিশ দিনৰ দিনা ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীক যিহোৱাৰ দ্বাৰাই এই বাক্য জনোৱা হ’ল, 8“মই ৰাতি দৰ্শনত দেখিলোঁ যে, এজন লোকে এটা ৰঙা ঘোঁৰাত উঠি সমতলত থকা মেন্দি গছবোৰৰ মাজত থিয় হৈ আছিল; আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল। 9তেতিয়া মই সুধিলোঁ, “হে মোৰ প্ৰভু, এইবোৰ কি বস্তু?” তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “এইবোৰ কি বস্তু সেই বিষয়ে মই তোমাক দেখুৱাম।”
10তেতিয়া মেন্দি গছবোৰৰ মাজত থিয় দি থকা সেই লোকজনে উত্তৰ দি ক’লে, “পৃথিৱীত চাৰিওফালে ফুৰিবলৈ যিহোৱাই পঠোৱা লোক এইসকল।” 11তেতিয়া তেওঁলোকে মেন্দি গছবোৰৰ মাজত থিয় হৈ থকা যিহোৱাৰ দূতজনাক উত্তৰ দি ক’লে, “আমি পৃথিৱীৰ সকলো ফালে ফুৰিলোঁ আৰু চোৱা, গোটেই পৃথিৱী সুস্থিৰ আৰু বিশ্ৰামে আছে।”
12তেতিয়া যিহোৱাৰ দূতজনে উত্তৰ দি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, যি যিৰূচালেমৰ, আৰু যিহূদাৰ নগৰবোৰৰ অহিতে আপুনি এই সত্তৰ বছৰ ক্ৰোধ কৰিয়েই আছে, সেই যিৰূচালেম আৰু যিহূদাৰ সেই নগৰবোৰৰ ওপৰত আপুনি কিমান কাললৈ দয়া নকৰাকৈ থাকিব?” 13তেতিয়া যিহোৱাই মোৰে সৈতে কথা হোৱা দূতজনক উত্তম বাক্য, এনে কি, শান্ত্বনাদায়ক বাক্যেৰে উত্তৰ দিলে।
14তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “তুমি ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে:
“মই যিৰূচালেম আৰু চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ।
15আৰু নিশ্চিন্তে থকা জাতি সমূহৰ ওপৰত মই অতিশয় অসন্তুষ্ট হৈছোঁ;
কিয়নো মই কেৱল অলপ অসন্তুষ্ট হোৱাত, তেওঁলোক অমঙ্গলৰ অৰ্থে সাহায্য কৰোঁতা হ’ল।”
16এই হেতুকে যিহোৱাই এই কথা কৈছে:
“মই নানা দয়াৰে সৈতে যিৰূচালেমলৈ ঘূৰিলোঁ; তাত মোৰ গৃহ সজা হ’ব।”
বাহিনীসকলৰ যিহোৱাৰ এই বচন- “আৰু যিৰূচালেমৰ ওপৰত এডাল পৰিমাণ-জৰী বিস্তাৰ কৰা হ’ব!”
17তুমি আকৌ ঘোষণা কৰি কোৱা,
‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ নগৰবোৰ পুনৰায় মঙ্গলেৰে উপচি পৰিব,
যিহোৱাই চিয়োনক পুনৰায় শান্ত্বনা কৰিব আৰু যিৰূচালেমক আকৌ মনোনীত কৰিব।”
18পাছত চকু তুলি চাই মই চাৰিটা শিং দেখিলোঁ। 19তেতিয়া মোৰ লগত কথা হোৱা দূতজনক মই সুধিলোঁ, “এইবোৰ কি?” তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “যিহূদা, ইস্ৰায়েল আৰু যিৰূচালেমক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ।”
20তাৰ পাছত যিহোৱাই মোক চাৰিজন শিল্পকাৰ দেখুৱালে। 21তেতিয়া মই সুধিলোঁ, “এওঁলোকে কি কৰিবলৈ আহিছে?” তেওঁ উত্তৰ দি ক’লে, “যি কোনো মানুহকে নিজৰ মূৰ দাঙিব নোৱাৰাকৈ যিহূদাক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ; কিন্তু যি জাতিবোৰে যিহূদা দেশ ছিন্ন-ভিন্ন কৰিবলৈ নিজ নিজ শিং তুলিছিল, সেই জাতিবোৰক ত্ৰাসিত কৰিবলৈ আৰু তেওঁলোকৰ শিংবোৰ ভাঙি পেলাবলৈ, এওঁলোক আহিছে।
دیاریکراوەکانی ئێستا:
জখ 1: IRVAsm
بەرچاوکردن
لەبەرگرتنەوە
بەراوردکردن
هاوبەشی بکە
دەتەوێت هایلایتەکانت بپارێزرێت لەناو ئامێرەکانتدا> ? داخڵ ببە
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.