গননা 28
28
28 অধ্যায়
নিৰূপিত সময়ত দিব লগা বলিদান-বিষয়ক বিধি।
1পাছত যিহোৱাই মোচিক ক’লে, 2“তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া আৰু কোৱা, ‘তেওঁলোকে যেন মোৰ উপহাৰ আৰু মোৰ সুঘ্ৰাণাৰ্থক মোৰ ভক্ষ্যস্বৰূপ মোৰ অগ্নিকৃত উপহাৰ নিজ নিজ নিয়মিত সময়ত মোৰ অৰ্থে উৎসৰ্গ কৰিবৰ বাবে তেওঁলোক যেন সজাগে থাকে’।
3এই হেতুকে তুমি ইয়াকো তেওঁলোকক কোৱা যে, ‘তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব লগা অগ্নিকৃত উপহাৰ এই, প্ৰতিদিনে নিত্য হোমৰ অৰ্থে দুটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি ল’বা। 4এটা মেৰ পোৱালি ৰাতিপুৱা উৎসৰ্গ কৰিবা আৰু আনটো মেৰ পোৱালি সন্ধিয়া পৰত উৎসৰ্গ কৰিবা। 5আৰু ভক্ষ্য নৈবেদ্যৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ খুন্দি উলিওৱা তেল মিহলোৱা ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি ল’বা।
6এয়ে নিত্য হোম; যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰস্বৰূপে চীনয় পৰ্ব্বতত এই আজ্ঞাই নিৰূপিত হৈছিল। 7আৰু তাৰ প্ৰথম মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰি ভাগৰ এভাগ তাৰ পেয় নৈবেদ্য হ’ব; তুমি পবিত্ৰ স্থানত যিহোৱাৰ উদ্দেশ্যে পেয় নৈবেদ্যস্বৰূপে ৰাগীয়াল ৰস ঢালি দিবা। 8আৰু দ্বিতীয় মেৰ পোৱালিটো সন্ধিয়া পৰত উৎসৰ্গ কৰিবা; ৰাতিপুৱা দিয়া ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যৰ দৰে তাকো যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা।
9আৰু বিশ্ৰাম-দিনত দুটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি, আৰু তেল মিহলোৱা ঐফাৰ দহ ভাগৰ দুভাগ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা;। 10নিত্য হোম আৰু পেয় নৈবেদ্যৰ বাহিৰেও প্ৰতি বিশ্ৰাম-বাৰে এই হোম হ’ব।
11আৰু প্ৰত্যেক মাহৰ আৰম্ভণিতে তোমালোকে যিহোৱাৰ উদ্দেশ্যে হোমৰ বাবে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিঘূণ মতা মেৰ পোৱালি, এই সকলোকে উৎসৰ্গ কৰিবা। 12আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে ঐফাৰ দহ ভাগৰ তিনি ভাগ, তেল মিহলোৱা মিহি আটাগুড়ি, আৰু মতা মেৰটোৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে দহ ভাগৰ দুভাগ, তেল মিহলোৱা মিহি আটাগুড়ি, 13আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি উৎসৰ্গ কৰিবা; সেয়ে সুঘ্ৰাণাৰ্থক হোম-বলি, যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ।
14আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে হীনৰ আধা ভাগ, আৰু মতা মেৰটোৰ কাৰণে হীনৰ তিনি ভাগৰ এভাগ আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰস সেইবোৰৰ পেয় নৈবেদ্য হ’ব; এয়ে বছৰৰ প্ৰত্যেক মাহত কৰিব লগীয়া মাহেকীয়া হোম। 15আৰু যিহোৱাৰ উদ্দেশ্যে পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক কৰিব লাগিব।
16পাছত প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব হ’ব। 17আৰু সেই মাহৰ পঞ্চদশ দিনা উৎসৱ হ’ব, সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব। 18প্ৰথম দিনা পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
19কিন্তু যিহোৱাৰ উদ্দেশ্যে হোম-বলিৰ অৰ্থে অগ্নিকৃত উপহাৰস্বৰূপে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; সেইবোৰ নিঘূণ পশু হ’ব। 20আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনিভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ। 21আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব। 22আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা।
23নিত্য হোমৰ অৰ্থে ৰাতিপুৱাৰ যি হোম-বলি, তাৰ বাহিৰেও এই সকলোকে উৎসৰ্গ কৰিবা। 24এই নিয়ম অনুসাৰে তোমালোকে সাত দিনলৈকে প্ৰতি দিনে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে ভক্ষ্যস্বৰূপ অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক উৎসৰ্গ কৰিবা। 25আৰু সপ্তম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।
26যি দিনা তোমালোকে সাত সপ্তাহৰ অন্তত হোৱা পৰ্ব্বত যিহোৱালৈ কোনো নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰা, প্ৰথমে পকা ফল দিয়া সেই দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা কোনো ব্যৱসায় কৰ্ম নকৰিবা। 27কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলিস্বৰূপে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি 28আৰু প্রত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ।
29আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা। 30আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ এটা মতা ছাগলী উৎসৰ্গ কৰিবা। 31নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে আৰু এইবোৰৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা; এই সকলো নিঘূণ পশু হ’ব লাগিব’।”
Currently Selected:
গননা 28: IRVAsm
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.