গননা 21
21
21 অধ্যায়
লোকসকলক সাপে দংশা। চীহোন আৰু ওগক পৰাজয় কৰা।
1পাছত দক্ষিণ অঞ্চলত থকা অৰাদৰ কনানীয়া ৰজাই অথাৰীমৰ বাটেদি ইস্ৰায়েল আহিছে বুলি শুনি, তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰে কিছুমান লোকক বন্দী কৰি নি ৰাখিলে। 2তেতিয়া ইস্ৰায়েলে যিহোৱাৰ আগত প্ৰতিজ্ঞা কৰি ক’লে, “আপুনি যদি এই লোকসকলক আমাৰ হাতত সমৰ্পণ কৰে, তেন্তে আমি তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিম।” 3তেতিয়া যিহোৱাই ইস্ৰায়েলৰ বাক্যলৈ কাণ দিলে, সেই কনানীয়াসকলক সমৰ্পণ কৰিলে। তেতিয়া লোকসকলে তেওঁলোকক আৰু তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিলে। সেই ঠাইৰ নাম হৰ্মা ৰখা হ’ল।
4পাছত তেওঁলোকে ইদোম দেশ ঘূৰিবৰ অৰ্থে, চূফ সাগৰৰ বাটেদি হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰিলে। আৰু বাটৰ কাৰণে লোকসকলৰ মন অতিশয় অধৈৰ্য হ’ল। 5আৰু লোকসকলে ঈশ্বৰ ও মোচিৰ বিৰুদ্ধে ক’বলৈ ধৰিলে: বোলে, “মৰুভূমিত মৰিবলৈ তোমালোকে মিচৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা?” কিয়নো আহাৰো নাই পানীও নাই আৰু আমাৰ মনে এই সামান্য আহাৰ ঘিণ কৰিছে।
6তেতিয়া যিহোৱাই লোকসকলৰ মাজলৈ বিষাক্ত সাপ পঠিয়ালে আৰু সেইবোৰে দংশিবলৈ ধৰাত ইস্ৰায়েলৰ মাজত অনেক লোক মৰিল। 7লোকসকলে মোচিৰ গুৰিলৈ আহি ক’লে, “আমি গুপ্ত পাপ কৰিলোঁ, কাৰণ আমি যিহোৱা আৰু তোমাৰ বিৰুদ্ধে কথা কলোঁ। আমাৰ ওচৰৰ পৰা যিহোৱাই সাপবোৰ দূৰ কৰিবৰ বাবে, তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা।” তেতিয়া মোচিয়ে লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিলে।
8যিহোৱাই মোচিক ক’লে, “তুমি এটা বিষাক্ত সাপ সাজি এডাল খুটিৰ ওপৰত নিচানস্বৰূপে তুলি ৰাখিবা। তেতিয়া সাপে দংশা যিকোনো লোকে যদি তালৈ চায়, সেইজন জীৱ।” 9তেতিয়া মোচিয়ে পিতলৰ এটা সাপ বনাই নিচানস্বৰূপে এডাল খুটিত তুলি ৰাখিলে। যেতিয়া সাপে কোনো মানুহক দংশিলে, তেতিয়া তেওঁ সেই পিতলৰ সাপলৈ দৃষ্টি কৰি জীলে।
10তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি এবোতত ছাউনি পাতিলে। 11আৰু এবোতৰ পৰা যাত্ৰা কৰি সূৰ্য ওলোৱা দিশে মোৱাবৰ সন্মুখে থকা মৰুভূমিৰ ইয়ে-অবাৰীমত ছাউনি পাতিলে।
12তাৰ পৰা যাত্ৰা কৰি জেৰদ উপত্যকাত ছাউনি পাতিলে। 13আৰু তাৰ পৰা যাত্ৰা কৰি ইমোৰীয়াসকলৰ সীমাৰ পৰা ওলোৱা, মৰুভূমিত থকা অৰ্ণোনৰ অন্য পাৰে ছাউনি পাতিলে, কিয়নো মোৱাবৰ আৰু ইমোৰীয়াসকলৰ মাজত থকা অৰ্ণোন মোৱাবৰ সীমা আছিল।
14এই হেতুকে যিহোৱাৰ যুদ্ধ-পুস্তকত কোৱা হৈছে, বোলে,
“চুফাত বাহেবক,
অৰ্ণোনৰ উপত্যকাবোৰক,
15আৰু আৰ নামেৰে লোকালয়লৈ
মুখ কৰা আৰু মোৱাবৰ সীমাত লগা
চাৱলীয়া উপত্যকাবোৰ তেওঁ জয় কৰিলে।
16তাৰ পৰা তেওঁলোকে বেৰলৈ, অৰ্থাৎ যি নাদৰ বিষয়ে যিহোৱাই মোচিক কৈছিল, তুমি লোকসকলক গোটোৱা, মই তেওঁলোকক পানী দিম। সেই নাদলৈ যাত্ৰা কৰিলে।”
17সেই কালত ইস্ৰায়েলে এই গীত গান কৰিলে:
“হে নাদ উঠলি উঠা; তোমালোকে ইয়াৰ উদ্দেশ্যে গান গোৱা।
18এয়ে অধ্যক্ষ সকলে খনা নাদ,
লোকসকলৰ প্ৰধানসকলে ৰাজ-দণ্ডেৰে
আৰু নিজ নিজ লাখুটিৰে ইয়াক খনন কৰিলে।”
পাছত তেওঁলোকে অৰণ্যৰ পৰা মত্তানালৈ।
19মত্তানাৰ পৰা নহলীয়েললৈ, নহলীয়েলৰ পৰা বামোতলৈ, 20আৰু বামোতৰ পৰা উপত্যকাইদি মোৱাবৰ দেশলৈ। সেয়ে যিচীমোনৰ ফাললৈ মুখ কৰি থকা পিচগা পৰ্ব্বতৰ টিঙলৈ গ’ল।
21পাছত ইস্ৰায়েলে ইমোৰীয়াসকলৰ ৰজা চীহোনৰ গুৰিলৈ দূতৰ দ্বাৰাই এই কথা কৈ পঠিয়ালে বোলে, 22“তুমি নিজ দেশৰ মাজেদি মোক যাবলৈ দিয়া; আমি শস্যক্ষেত্ৰত বা দ্ৰাক্ষা-ক্ষেত্ৰত নোসোমাও আৰু নাদৰ পানীও নাখাওঁ। তোমাৰ সীমা পাৰ নহওঁমানে ৰাজবাটে গৈ থাকিম।” 23তথাপি চীহোনৰ ৰজাই নিজ অঞ্চলৰ মাজেদি ইস্ৰায়েলক যাবলৈ নিদিলে। কিন্তু চীহোনে নিজৰ সকলো প্ৰজাক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে মৰুভূমিলৈ ওলাল আৰু যহচলৈ গৈ ইস্ৰায়েলে সৈতে যুদ্ধ কৰিলে।
24ইস্ৰায়েলে তৰোৱালৰ ধাৰত তেওঁক আঘাত কৰি, অৰ্ণোনৰ পৰা যব্বোকলৈকে অম্মোনৰ সন্তান সকলৰ সীমালৈকে তেওঁৰ দেশ অধিকাৰ কৰিলে; কাৰণ অম্মোনৰ সন্তান সকলৰ সীমা গড়েৰে দৃঢ় আছিল। 25এইদৰে ইস্ৰায়েলে সেই সকলো নগৰ হাত কৰি ললে; আৰু ইস্ৰায়েলে ইমোৰীয়াসকলৰ আটাই নগৰত, হিচবোনত আৰু তাৰ সকলো উপত্যকাবোৰত বাস কৰিবলৈ ধৰিলে। 26কিয়নো হিচবোন ইমোৰীয়াহঁতৰ ৰজা চীহোনৰ নগৰ আছিল; সেই চীহোনে মোৱাবৰ আগৰ ৰজাৰ অহিতে যুদ্ধ কৰি তেওঁৰ হাতৰ পৰা অৰ্ণোনলৈকে তেওঁৰ আটাই দেশ লৈছিল।
27এই কাৰণে কবি সকলে কয়,
“তোমালোক হিচবোনলৈ আহা,
চীহোনৰ নগৰ সজা আৰু দৃঢ় কৰা হওঁক।
28কিয়নো হিচবোনৰ পৰা অগ্নি-শিখা ওলাই,
চীহোনৰ পৰা শিখাই,
মোৱাবৰ আৰ লগৰ গ্ৰাস কৰিলে,
আৰু অৰ্ণোনৰ ওখ ঠাইবোৰৰ প্ৰভুসকলক গ্ৰাস কৰিলে।
29হে মোৱাব!, তোমাৰ সন্তাপ হ’ল,
আৰু হে কমোচৰ প্ৰজা, তুমি বিনষ্ট থ’লো;
সি নিজৰ পুতেকসকলক পলাবলৈ,
আৰু নিজৰ জীয়েকসকলক বন্দী অৱস্থাত পৰিবলৈ এৰি দিলে,
ইমোৰীয়াসকলক ৰজা চীহোনৰ হাতত সমৰ্পণ কৰিলে।
30আৰু আমি তেওঁলোকলৈ বাণ মাৰিলোঁ; দীবোনলৈকে হিচবোন বিনষ্ট হ’ল।
মেদবালৈ বিস্তৃত
নোফহলৈকে আমি সকলোকে ধ্বংস কৰিলোঁ।”
31এইদৰে ইস্ৰায়েলে ইমোৰীয়াসকলৰ দেশত বাস কৰিবলৈ ধৰিলে। 32মোচিয়ে যাজেৰক গুপুতে চাবলৈ মানুহ পঠালে। তাৰ পাছত লোকসকলে তাৰ সকলো উপনগৰ হাত কৰি লৈ, তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।
33তেতিয়া তেওঁলোক ঘূৰি বাচানৰ বাটেদি উঠি গ’ল। তেওঁলোকৰ বিৰুদ্ধে ইদ্ৰেয়ীত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো প্ৰজাসকল ওলাল। 34তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁক, তেওঁৰ আটাই প্ৰজাক আৰু তেওঁৰ দেশকো তোমাৰ হাতত শোধাই দিলোঁ। তুমি হিচবোনত থকা ইমোৰীয়া ৰজা চীহোনলৈ যেনে কৰিলা, তেওঁলৈকো তেনে কৰিবা।” 35গতিকে তেওঁলোকৰ তেওঁৰ কোনো শেষ নথকাকৈ, তেওঁক, তেওঁৰ পুতেকসকলক আৰু তেওঁৰ আটাই প্ৰজাক মাৰি, তেওঁৰ দেশ অধিকাৰ কৰি ল’লে।
Currently Selected:
গননা 21: IRVAsm
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.